Mother's Love / মাতৃৰ মমতা
এগৰাকী হিয়াভৰা মাতৃৰ জীবন
প্ৰথমতে মই সকলোকে অনুৰোধ কৰিছো যাতে সকলোৱে বুজিবৰ বাবে চেষ্টা কৰে। কাৰণ এগৰাকী মাতৃৰ জীৱনত কিমান কষ্ট কৰিবলগীয়া হয় আৰু তেওঁ পুত্ৰ বা কন্যা সন্তান জীয়েই নহওক আমি সকলোৱে তেওঁলোকক বুজিব লাগে। হয় কেতিয়াবা লোকৰ কথাবোৰ শুনি বা বহুতো নানা ধৰণৰ মানুহে তেওঁলোকৰ মনবোৰ বেয়া কৰিবলৈ প্ৰয়াস কৰে। তেতিয়া আমি লৰা ছোৱালী সকলোৰে তেওঁলোকক বুজাবলৈ চেষ্টা কৰিব লাগে। তেতিয়া তেওঁলোকে নিশ্চয় বুজিব। কাৰণ এগৰাকী মাতৃৰ মৰমে বা তেওঁৰ মনটোৱে কেতিয়াও লৰা ছোৱালীৰ বেয়া হোৱাটো নিবিচাৰে। নহলে আমি যদি অলপ সুখৰ বা অলপ Enjoy কৰিবৰ বাবে নিজৰ মা - দেউতাক পাহৰি যাওঁ 100% এদিন নহয় এদিন এই কৰ্মৰ ফল ভুগীবৈ লাগিব। আৰু ভগৱানে তেওঁক কেতিয়াও শান্তিৰে জীৱন কটাব নিদিয়ে।
এগৰাকী মাতৃৰ কৰুণ কাহিনীৰ বিষয়ে জানিবলৈ চেষ্টা কৰো আহক।
মাকৰ মৃত্যুৰ কিছুদিন পিছত ,,, মাৰ ঘৰ পৰিস্কাৰ কৰিব গৈ মাৰ হাতেৰে লিখা এখন চিঠি পায় তেওঁৰ ল'ৰাই,,,,।। চিঠিত লিখা আছে,,, বোপাই এই চিঠি যেতিয়া তোৰ হাতত পৰিব, তেতিয়া মই তোৰ ওচৰৰ পৰা বহু দূৰলৈ গুছি যাম ,,, য'ৰ পৰা কোনোৱে আৰু কোনোদিনেই ঘূৰি আহিব নোৱাৰে ,,,,। বোপা তোৰ বহু কথা মনত নাই,,, সেয়েহে এই চিঠিতে লিখি গলো তোৰ মনত নথকা সেই কথা বোৰ,,,,।
তই যেতিয়া সৰু আছিলি এবাৰ তোৰ জ্বৰ হৈছিল,,, মই তিনি ৰাতি উজাগৰে আছিলো তোক বুকুত লৈ বহি আছিলো,,, কাৰন তোক বিছানাত শোৱালেই তই কান্দিছিলি,,,তোৰ দেউতাই মোক কৈছিল তোক শুৱাই ৰাখিব কিন্তু মই নোৱাৰিছিলো তোৰ দেউতাৰ কথা ৰাখিব,,, সেইবাবে মোক অনেক গালি-গালাজ কৰিছিল তোৰ দেউতাই ,,,। তোক যেতিয়া ৰাতি বিছনাত শোৱাইছিলো,,,, তই প্ৰচাৱ কৰি বিছনা ভিজাইছিলি তেতিয়া মই তোক শুকান ঠাইত শোৱাইছিলো,, আৰু মই তোৰ প্রচাবে তিয়া সেই ঠাইত শুই আছিলো,,, তোৰ দেউতা যেতিয়া মৃত্যু হ'ল,,, তেতিয়া অনেক কষ্টত মই সংসাৰখন চলাবলগীয়া হৈছিল,,, এটা ডিম ভাজি দুটুকুৰা কৰি তোক দু বেলা দিছিলো,,, এনে দিন ও গৈছে কেৱল নিমখ দিয়ে খাইছিলো মই,,, তোক কেতিয়াও বুজিব দিয়া নাই মই,,,। এদিন বনাবলৈ এটি অন্ন নাছিল মোৰ ওচৰত ,,, তেতিয়া কোনো উপায় নাপাই এঘৰত কাম কৰি অলপ চাউল আনি তাকে ৰান্ধি খুৱাইছিলো তোক ,,,। হয়তো তই পাহৰি গৈছ,,, যেতিয়া তোৰ এস এস সি পৰীক্ষাৰ ফিচ দিব নোৱাৰিছিলো তেতিয়া তোৰ দেউতাই দিয়া শেষ স্মৃতি নাক ফুলিটো বিক্রি কৰি দিছিলো,,, আৰু বহু কথা আছে যি লিখিব গলে হয়তো বহীৰ পাত শেষ হৈ যাব,,, কিন্তু লিখা শেষ নহব,,,।ভাবিছ°° ইমান কথা তোক কিয় লিখি গলো,,, বোপা তই যেতিয়া ডাঙৰ হলি এটা ভাল চাকৰি পালি,,,, কিছু দিন পিছত বিয়া পাতিলি,,, মই তহতক লৈ ভালেই আছিলো ,,,।
এদিন ঘৰৰ পৰা কিছু টকা চুৰি হল,,, সেই দিনা তই মোক সুধিছিলি মই তোৰ টকাৰ সম্পৰ্কে কিবা জানো নে নাই,,, তই মোক একো নকলেও মই বুজিব পাৰিছিলো তই মোক চোৰ ভাবিছিলি,,,। কিছু দিন পিছত তই মোক চোৰৰ অপবাদ দি অন্য এখন ঘৰত ৰাখিলি ,,,। বোপা মোৰ সেই ঘৰখনত থাকিব বহু ভয় লাগিছিল ,, কাৰন ঘৰখন তোৰ পৰা বহু দূৰৈত আছিল,,, বোপা তোক এদিন কৈছিলো মোৰ অকলে অকলে থাকিব ভয় লাগে,,, তই কৈছিলি মৰন আহিলে যিকোনো ঠাইতে আহিব,,,,। মোৰ আঠুৰ বিষটো বাঢ়িছিল তোক কৈছিলো বোপা মোক কিছু ঔষদ কিনি দিবি,, তই কৈছিলি এইবয়সত ঔষধ খাব নালাগে,,, নিজে নিজেই ঠিক হৈ যাব,,,। বোপা বিছনাৰ পৰা উঠিব নোৱাৰিছিলো,, শৰীৰত ঘা হৈছিলে,,, শৰীৰৰ পৰা দুৰ্গন্ধ ওলাইছিল,,,,কিমান দিন গা ধোৱা নাছিলো সেইয়া সঠিক কব নোৱাৰিম! তোৰ ঘৰটো আছিল মোৰ ঘৰৰ পৰা বহু দূৰৈত,,, কেতিয়া আহি কেতিয়া গুছি গৈছিলি একোকে দেখাই নাপাইছিলো ,,, কেৱল একেথৰে বাটৰ ফালে চাই আছিলো,,, বোপা তই যেতিয়া সৰু আছিলি মই খাবলৈ বহিলে তোক কোলাত বহুৱাই খাইছিলো,,, তেতিয়া তই মোৰ কোলাত পায়খানা কৰি দিছিলি,,, মই তোৰ পায়খানা শৰীৰত লৈয়ে খাই উঠিছিলো কিয় জাননে অলপো ঘৃনা নালাগিছিল মোৰ,,, কিন্তু তই যেতিয়া মোৰ ওচৰলৈ আহিছিলি তেতিয়া নাকত ৰুমাল লৈ আহিছিলি,, কিয় বোপা ?মোৰ শৰীৰৰ পৰা গোন্ধ আহিব বুলি,,এখন কাপোৰেৰে মোৰ কেইমাহ যে থাকিব লগীয়া হৈছে সেইয়া মই সঠিক কব নোৱাৰিম বোপা ,,,।
তই যেতিয়া বহুদিন পিছত মোক চাবলৈ আহিছিলি মোৰ খুব ইচ্ছা হৈছিল তোক বুকুত সাৱটি ধৰো কিন্তু নোৱাৰিলো বোপা তোক বুকুত সাৱটি ধৰিব,,,কাৰন মোৰ শৰীৰততো অনেক ময়লা আছিল ,,, যদি তোৰ দামি দামি সার্ট প্যান্ট নষ্ট হৈ যায় এই ভয়তে তোক বুকত লব নোৱাৰিলো বোপা ,,,,। বোপা মোক কেতিয়াও এবাৰলৈও নুসুধিলি মা তোমাৰ কিবা খাব মন যায় বুলি,,,খোৱাৰ কথা থাকক,, কিমান দিন যে তোৰ মুখেৰে মা মাতষাৰ শুনা নাই,, সেইয়াও সঠিক কব নোৱাৰিম ,,,। বোপা মোৰনো কি অপৰাধ আছিল,,,,,, মোক তোৰ পৰা বহু দূৰৈত ৰাখিলি ,,, বোপা তই জানো নোৱাৰিছিলি তোৰ কাষতে ৰাখিব,,, বোপা তই নোৱাৰিছিলি,, মোক এটা কাপোৰ কিনি দিব,,,, বোপা তই জানো নোৱালিছিলি,, মোক এজন ডক্তৰ দেখাব,,,। মোক এজন ডাক্তৰৰ ওচৰলৈ লৈ গলে হয়তো এই পৃথিবীত আৰু কিছু দিন থাকিব পাৰিলো হয়,,, বোপা কোনো মা তাৰ সন্তানৰ ওচৰত পেট ভৰাই খাব নিবিচাৰে,,, কেৱল মন ভৰাই মা মাতষাৰ শুনিব বিচাৰে ,,, যি তই কেতিয়াওঁ বুজিব চেষ্টা নকৰিলি,,,। বোপা তোক এটি শেষ অনুৰোধ কৰিছো,, মোৰ এই চিঠি খন তোৰ সন্তানক পঢ়ি শুনাবি,,, কাৰন তই বৃদ্ধ হলে তোৰ সৈতে তোৰ সন্তানে যাতে এনেকুৱা নকৰে,,,, ভালে থাকিবি বোপা,,,,,।।,,,,,,,,,,,,,,,,ইতি ,,,,,,,,,,,,, তোৰ,,,,,,,,, মা,,,,,
মই আপোনালোকক এটাই কথা কব বিচাৰো বহুত মাতৃৰ জীৱনত এনে ধৰণৰ ঘটনা ঘটে। আৰু যি সকল মাক দেউতাক আছে তেওঁলোকলৈ মোৰ এটাই অনুৰোধ আপোনালোকে যাতে আপোনাৰ ছোৱালী জনীক জুৰ কৰি বিয়া দিব সময় হৈছে বুলি যাৰে তাৰে হাতত গতাই নিদিয়ে। আজিৰ দিনত আপোনাৰ ছোৱালী এজনীক এনেকুৱা বনাবলৈ চেষ্টা কৰক যাতে আপোনাৰ ছোৱালী জনীক বিচাৰি আহিবলৈ বাধ্য হয়। আৰু ছোৱালী জনীৰ নিজস্ব Income অজিৰ দিনত Minimum Fifty Thousand ৰ পৰা One Lakh টকা যাতে হয়। তাৰ পাছতহে বিয়া বাবে চিন্তা কৰিব।
আপোনালোকক মই এটা কথা সদাই মনত ৰাখিব বাবে অনুৰোধ কৰিছো। যিটো সময়ত ভৱিষ্যত জীৱনৰ বাবে কৰিবগীয়া কামবোৰ নকৰি যিকোনো কামত আমি লাগি থাকিবলৈ চেষ্টা কৰো। সদাই এটা কথা মনত ৰাখিব আজি আপোনাৰ দেহাটো ভালহৈ থকাৰ বাবে আপুনি কাম কৰিব পাৰিছে। কায়লৈ কি হয় কোনে জানে। আপুনি কেতিয়াও আনৰ ওপৰত ভিত্তি কৰি জীৱন নিৰ্বাহ কৰিবলৈ চেষ্টা নকৰিব। কাৰণ আপুনি বা আপোনাৰ Success হোৱাটো আপোনাৰ বাহিৰে কোনোৱে নিবিচাৰে। আজি আপোনাৰ দেহাটো ভাল থকা সময়তে ভৱিষ্যত জীৱনৰ বাবে কামবোৰ কৰিবলে আগবাঢ়ি যাব লাগিব। নহলে এইদৰে আপোনাৰ লগতো হব পাৰে।
এটা কথা সদাই মনত ৰাখিব আজি আপোনাৰ দেহাটো চলি আছে বাবে কিবা এটা কৰি খাই বা চলি আছে, যেতিয়া আপোনাৰ বয়স 70,80,90 বছৰ হব তেতিয়া আপুনি চামুচেৰে ভাত খাব নে লাট খাব আজীয়েই আপুনি চিন্তা কৰিব লাগিব। নহলে এই ধৰণৰ জীৱন কটাবলৈ আজিৰ পৰা নিজক মজবুত কৰিবলৈ প্ৰয়াস কৰক।
মোৰ কথাবোৰ অলপ কথুৱা বেয়া নাপাব কিন্তু মই সকলোৰে ভালৰ বাবে চিন্তা কৰো আৰু যিমান দিন জীয়াই ৰাখে ভগৱানে মই আপোনালোকৰ বাবে কাম কৰি যাম।
You can follow me on YouTube also-
Monuj kumar Dutta- https://www.youtube.com/channel/UCZAYvCY4thzQvwR9lqLZB6w
MKD 85 Vlogs- https://www.youtube.com/channel/UCm38-EDstKYKM10NBR4Km4w
Thanks for Visit my Website.
আপোনালোকৰ বন্ধু
মনোজ কুমাৰ দত্ত


1 comments:
Click here for commentsBhal lagil. Sakupani olai gol Sir.. Dhonyabad apunak bhogobane kushale rakhok Sir.
ConversionConversion EmoticonEmoticon