What is Challenge and Why Challenge is Important for our Life?


What is Challenge and Why Challenge is Important for our Life?


          মই আজি আপোনালোকৰ জীৱন কালত এটা সুন্দৰ পদক্ষেপ দিবৰ মানসেৰে আগবাঢ়ি আহিছো। Challenge শব্দটো সকলো মানুহে জানে বা শুনিছে। কিন্তু এই শব্দটোৰ ভিতৰত বহুত অৰ্থ আছে বা এই শব্দটোৰ বিষয়ে মানুহে নিজৰ জীৱন কালত ভালদৰে বুজিবৰ বাবে চেষ্টা নকৰে। আৰু যিসকল মানুহে এই শব্দটো তেওঁৰ জীৱন কালত ভালদৰে আয়ত্ব কৰিবলৈ প্ৰয়াস কৰিছে বা কৰিছিল তেওঁলোকৰ জীৱন সুন্দৰ বা এটা নতুন দিশৰ বা গতি কৰিছে।

Important Point for Your Life

এতিয়া আপোনালোকে ভালদৰে বুজিবৰ বাবে চেষ্টা কৰিব। এবাৰ ভাবি চাওক
1. আপুনি কোন হয়?
2. আপুনি কৰি আছে কি?
3. আপুনি কৰিব লাগে কি?
4. আপুনি যাব লাগে কত?
5. আৰু আপুনি এতিয়া আছে কত?

           এই কথাবোৰ যদি আপোনালোকে এবাৰ ভালদৰে বুজিবৰ বাবে চেষ্টা কৰে তেতিয়া আপোনাৰ জীৱনটো এটা সুন্দৰ দিশত গতি কৰিবৰ বাবে সক্ষম হয়।এটা কথা সদাই মনত ৰাখিব যে আপুনি নিজক চিনি পাব লাগিব। আৰু আপুনি সদাই নিজক পৃথক ভাবে উপস্থাপন কৰিবলৈ চেষ্টা কৰক। মই এই কথাটো কোৱাৰ এটাই কাৰণ আপুনি বা আপোনাৰ নিচিনা মানুহ এই মানৱ জাতিৰ মাজত আপোনাৰ নিচিনা মানুহ আৰু কোনো নাই। কাৰণ আপুনি এজন Unic ব্যক্তি। মানে আপোনাৰ যিটো Quality আৰু Capacity আছে এই মানৱ জাতিৰ মাজত আৰু কাৰোৰে নাই। গতিকে আপোনালোকে ভালদৰে নিজক এটা সুন্দৰ ৰূপত গঠন কৰিবৰ কাৰণে চেষ্টা কৰক। এটা কথা সদাই মনত ৰাখিব Impossible নামৰ শব্দটো আপোনাৰ জীৱনৰ পৰা নাইকীয়া কৰি লব লাগিব। কাৰণ মই আজিলৈকে যিটো কাম কৰিম বা কৰিবৰ বাবে চেষ্টা কৰো 100% হৈ যায়। মই এটাই জানো Nothing Impossible everything is possible the word is say 'I m possible'. মই এই কথাটো সদায় মনত ৰাখি লৈ কাম কৰিবৰ বাবে আগবাঢ়ি যাওঁ। এই আজিলৈকে যিটো মই কৰিব বিচাৰো বা কৰিম বুলি ভাবো সেই কামত মই Success হৈ যাওঁ। গতিকে আজিৰ পৰা আপোনালোকে কেতিয়াও Negative চিন্তা কেতিয়াও নকৰিব আৰু কেতিয়াও Negative মানুহৰ মাজত বা লগত সম্পৰ্ক নকৰিব, কাৰণ তেওঁলোকে বা তেনেধৰণৰ মানুহে নিজে কেতিয়াও Success নহয় আৰু আপোনাকো Success হব নিদিয়ে বা আপোনাৰ Success হোৱাটো নিবিচাৰে। তেতিয়া 100% আপুনি Success হব।

           আপুনি এতিয়া কি কৰি আছে আৰু আপোনাৰ Health আৰু Wealth কিমান ভাল এবাৰ আপুনি ভাবি চাব আৰু যদি আপুনি এতিয়া সুখী নহয় বা Financial Freedom নহয়। তেতিয়া হলে বৰ্তমান আপুনি যি কৰি আছে বা ইমান দিনে বা আজিৰ পৰা 5/10 বছৰ আগৰ পৰা আপুনি যি কাম কৰি আছে ঠিক তেনেদৰে আৰু যদি 5/10 বছৰ আপুনি কটাই দিয়ে তেতিয়া হলে আপোনাৰ জীৱনটো কোন দিশে গতি কৰিছে আপুনি বুজিব পৰিছে চাগে। গতিকে আপুনি কি কৰি আছে এবাৰ ভালদৰে বুজিবৰ বাবে চেষ্টা কৰক।

            এতিয়া আপুনি কি কৰিব বা কৰিব লাগে কি এবাৰ আপুনি ভাবি চাওক। মানৱ জীৱন আৰু কেতিয়া পাম আমিটো একো নাজানো । গতিকে এইটো জীৱনতে নিজকে প্ৰস্তুত কৰিব লাগিব যে মই কৰিম কি বা মই কেনে ধৰণৰ কাম কৰিম। Active Income কৰিম নে  Passive Income কৰিম। আপুনি ভালদৰে বুজিবৰ বাবে চেষ্টা কৰক। What is Active income আৰু Passive Income মই ভালদৰে দিয়া আছে পাৰিলে আপোনাৰ ভৱিষ্যত জীৱনৰ বাবে এবাৰ বুজিবৰ বাবে চেষ্টা কৰিব।

          এতিয়া আপুনি কিমান Success হোৱাটো বিচাৰে বা আপুনি কিমান দুৰ আগবাঢ়ি যোৱাটো বিচাৰে এবাৰ আপুনি ভাবি চাওক। আৰু এতিয়া আপুনি আছে কত যাব আগে কত এইটো Clear হোৱাৰ পাছত আপুনি আপোনাৰ Dream Fixed কৰি লব লাগিব। তাৰ পাছত আপুনি এই Dream বা যিটো সপোন আপুনি দেখি থাকিলে নহব । আপুনি Action লব লাগিব তেতিয়া তাৰ পাছত এদিন দেখিব আপোনাৰ জীৱনৰ সপোন Success হবৰ বাবে আগুৱাই যাব বা Success হব। গতিকে আপোনালোকে এটা কথা সদাই মনত ৰাখিব লাগিব যে action ললে Reaction হব। আৰু অকল চিন্তা কৰি থকা  ব্যক্তিয়ে কেতিয়াও Success হব নোৱাৰে। এই দৰেই আপুনি এটা সুন্দৰ পদক্ষেপ লৈ কাম আৰম্ভ কৰিলে আপোনাৰ জীৱনৰ সকলো সপোন দিথক হৈ পৰিব।

Where from Challenge?

এতিয়া Challenge শব্দটো ভালদৰে বুজিবৰ বাবে আপুনি এতিয়া চেষ্টা কৰক।

1/ আপুনি কিবা এটা বস্তু দেখিলেও আপোনাৰ মনত এটা Challenge আহিব পাৰে। মানে মইও এইটো লম বা কৰিম বুলি।

2/আৰু কেতিয়াবা কাৰোবাৰ লগত কথবাৰ্তা পতিলেও আপোনাৰ মনত এটা নতুন Challenge আহিব পাৰে।

3/ কেতিয়াবা কিবা এটা বস্তু চুই যায় বা ব্যবহাৰ কৰিলেও আপোনাৰ মনত এটা নতুন Challenge আহিব পাৰে।

4/আৰু কেতিয়াবা আপোনাৰ জীৱনৰ কিবা এটা বস্তু খাই ভাল লাগিলেও আপোনাৰ মনত এটা নতুন Challenge আহিব পাৰে।

5/সকলোতকৈ বেছি Challenge বহুত মানুহৰ Dill মানে 💓 Heart পৰা আহে। মানে এটা Example মই দি আপোনালোকক বুজাবলৈ চেষ্টা কৰিম:- আপোনাৰ যদি কোনোবা Girlfriend বা Boyfriend আছে। কিবা কাৰণত যদি তেওঁ আপোনাক এৰি দিয়ে বা কিবা কথা বহুত বেয়া লগাকৈ কয়  তেতিয়া আপোনাৰ জীৱনৰ সকলোতকৈ ডাঙৰ Challenge আহিব পাৰে।

6/ আৰু এটা কথা কিছুমান মানুহৰ যেতিয়া কোনোবা আত্মীয় বা অতি মৰমৰ কোনোবা এজন যেতিয়া Medical বা Emergency কিবা অসুবিধা হয় তেতিয়াও বহুত মানুহৰ মনত এটা নতুন Challenge আহিব পাৰে।

গতিকে এটা কথা সদাই মনত ৰাখিব যদি আপুনি এটা সুন্দৰ জীৱন কটাবলৈ বিচাৰে তেতিয়া হলে আপোনাৰ মনত এটা Challenge হোৱাটো অত্যন্ত প্ৰয়োজন। নহলে আপুনি Success হোৱাটো অলপ অসুবিধা হব পাৰে।

Please Look This Video for Details.


          মই কথাবোৰ খাটি অসমীয়াত বুজাবৰ বাবে চেষ্টা কৰিছো বেছি বুজিব নোৱাৰা শব্দবোৰ ব্যবহাৰ কৰিলে বহুতে বুজি নাপায় বা বুজিব নোৱাৰিব চাগে।আমি যি ধৰণে কথা পাতো ঠিক তেনেদৰে মই লিখিবৰ বাবে চেষ্টা কৰিছো যাতে সকলোৱে বুজিব পাৰে।




 You can follow me on YouTube also-

Monuj kumar Dutta- https://www.youtube.com/channel/UCZAYvCY4thzQvwR9lqLZB6w

MKD 85 Vlogs- https://www.youtube.com/channel/UCm38-EDstKYKM10NBR4Km4w


Thanks for Visit my Website.

আপোনালোকৰ বন্ধু

মনোজ কুমাৰ দত্ত

Previous
Next Post »

1 comments:

Click here for comments
Unknown
admin
June 18, 2020 at 11:12 AM ×

Jobordost nd Bahut shandar msg sir.

Congrats bro Unknown you got PERTAMAX...! hehehehe...
Reply
avatar